প্ৰাক্তন বিত্ত তথা গৃহ মন্ত্ৰী পি চিদাম্বৰম জে’ললৈ যাব নে জামিনত মুক্তি লাভ কৰিব এই সন্দৰ্ভত আজি বিশেষ আদালতত গ্ৰহণ কৰা হ’ব শুনানি। আই এন এক্স মিডিয়া কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পি চিদাম্বৰমক আজি হাজিৰ কৰোৱা হ’ব আদালতত। বিশেষ ন্যায়াধীশ অজয় কুমাৰ কুহাড়ে আজি পি চিদাম্বৰমৰ অন্তৱৰ্তীকালীন জামিন আৱেদনক লৈ গ্ৰহণ কৰিব শুনানি।
উল্লেখযোগ্য যে ২১ আগষ্টত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় গৃহ তথা বিত্ত মন্ত্ৰী পি চিদাম্বৰমক। আই এন এক্স মিডিয়া কেলেংকাৰী সন্দৰ্ভত আৰক্ষী আৰু ই ডিৰ সহযোগত দিল্লীৰ নিজা বাসভৱনৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছিল চি বি আইয়ে।