32 C
Guwahati
Saturday, October 1, 2022
More

    কথমপি প্ৰাণৰক্ষা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ, আকাশতে তিনি পাক খালে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ

    মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে আছিল প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী আৰু তেওঁৰ PSO তুহিন হাজৰিকাও

    হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱাল। পৱনহংসৰ হেলিকপ্টাৰেৰে গুৱাহাটীৰ পৰা লখিমপুৰলৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকী। শূণ্যতে ৩ পাক খালে হেলিকপ্টাৰখন। বেয়া বতৰৰ বাবে বান্দৰদেৱাৰ আকাশত একো নেদেখা হৈ পৰিছিল হেলিকপ্টাৰৰ পাইলটে।

    পাইলটে বিচক্ষণতাৰে লীলাবাৰী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰোৱাই হেলিকপ্টাৰখন। জৰুৰী অৱতৰণৰ সময়ত শূন্যতে তিনিপাক খালে মুখ্যমন্ত্ৰী যোৱা হেলিকপ্টাৰখনে। প্ৰায় তিনি হাজাৰ ফুট উচ্চতাত বেয়া বতৰৰ বাবে পাইলটে একো নেদেখা পৰিস্থিতিৰ সৃষ্টি হয় ৷ লীলাবাৰী বিমান বন্দৰত মুখ্যমন্ত্ৰী গৰাকীক আদৰিবলৈ ৰৈ আছিল স্থানীয় বিধায়ককে ধৰি জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া।

    মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে আছিল প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী আৰু তেওঁৰ PSO তুহিন হাজৰিকাও। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে নাৰায়নপুৰত মাধৱদেৱ বঁটা প্ৰদান অনুষ্ঠানত ভাগ লয় ৷ সন্ধিয়া উত্তৰ লখিমপুৰ সদৰ থানাৰ নৱনিৰ্মিত ভৱন উন্মোচনী কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

    photo credit: newindianexpress.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং