25.4 C
Guwahati
Thursday, October 14, 2021
More

    দিল্লীৰ হিংসাক লৈ ব্যথিত কংগ্ৰেছ; ৰাষ্ট্ৰপতিক সাক্ষাৎ

    দিল্লীৰ নাগৰিকৰ জীৱন, স্বাধীনতা আৰু সম্পত্তি সুৰক্ষিত ৰখাৰ দাবীত আমি এই স্মাৰকপত্ৰ প্ৰদান কৰিছো

    আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে কংগ্ৰেছে। কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধিৰ দলে দিল্লীত চলি থকা হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে। উল্লেখ্য উত্তৰ-পূব দিল্লীত ধাৰাবাহিকভাৱে ৩দিন হোৱা হিংসাত বৰ্তমানলৈ ৩৪ জন লোকৰ মৃত্যু হয়। আজি পুৱা ৫ জন আহত লোকে হেৰুৱালে প্ৰাণ।

    ইফালে ২টা মৃতদেহ উদ্ধাৰ হয়। ২০০তকৈ অধিক লোক হাস্পতালত ভৰ্তি, চিকিত্সাধীন কেইজনমান লোকৰ অৱস্থা যথেষ্ট সংকটজনক।হিংসাক লৈ পৃথক-পৃথক থানাত ১৮টা গোচৰ ৰুজু আৰু ১৩০ জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ। স্মাৰকপত্ৰ প্ৰদান কৰি ছোনিয়া গান্ধীয়ে কয়- ”দিল্লীৰ নাগৰিকৰ জীৱন, স্বাধীনতা আৰু সম্পত্তি সুৰক্ষিত ৰখাৰ দাবীত আমি এই স্মাৰকপত্ৰ প্ৰদান কৰিছো। এনে হিংসাত্মক ঘটনাক নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পদৰ পৰা অপসাৰণ কৰাৰো দাবী জনালো।”

    Photo Credit: India Today

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং