27 C
Guwahati
Sunday, October 10, 2021
More

    ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী বিধায়িকাৰ নৃত্য, চাওক VIDEO

    আনহাতে বিধায়িকাগৰাকীক এই সন্দৰ্ভত আছুৱে চেপনৰ ৰণশিঙা কাৰ্যসূচীৰ পৰা প্ৰত্যাহ্বান জনাই এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়

    দেশজুৰি অব্যাহত CAA বিৰোধী সংগ্ৰাম। দেশৰ লগতে অসমতো প্ৰতিদিনাই ‘কা’ বিৰুদ্ধে ৰাজপথত ওলাই আহিছে হাজাৰ হাজাৰ জনতা। চৰাইদেউৰ সোণাৰি সমষ্টিতো ভিন্ন প্ৰান্তত অব্যাহত কা বিৰোধী আন্দোলন। সেই সময়তে সোণাৰি বিধানসভা সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ এটা ভিডিঅ’ক লৈ হৈছে ব্যাপক চৰ্চা। ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। দৰাচলতে ৮০ দশকৰ জনপ্ৰিয় এটা হিন্দী গীতৰ তালে তালে নাচিলে বিধায়িকা নৱনীতা সন্দিকৈয়ে। পূৰ্বে বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিধানসভাৰ মজিয়াত নিদ্ৰাত মগ্ন হৈ পৰিছিল বিধায়িকাগৰাকী।

    চাওক Video

    নিজ সমষ্টিত বিধায়িকাগৰাকীৰ এই নৃত্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি। এগৰাকী দায়িত্বশীল পদবীত থকাৰ উপৰিও যিসময়ত জাতীয় অস্বিত্ব বিপদাপন্ন সেই সময়ত বিধায়িকাগৰাকীৰ এনে নৃত্যই স্বাভাৱিকতে সচকিত কৰি তুলিছে সচেতন মহলক ৷ আনহাতে বিধায়িকাগৰাকীক এই সন্দৰ্ভত আছুৱে চেপনৰ ৰণশিঙা কাৰ্যসূচীৰ পৰা প্ৰত্যাহ্বান জনাই এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং