প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কিছুদিন পূৰ্বে অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ সিদ্ধান্তৰ পিছতে কাশ্মীৰত পৰিস্থিতি ওলট-পালট আৰু অৰাজকতাৰ সৃষ্টি হৈছে।
চৰকাৰে অঞ্চলটোৰ পৰিস্থিতি শান্তি আৰু স্থিৰ কৰি ৰাখিবলৈ চেষ্টা চলাই আছে, দেশৰ প্ৰতিগৰাকী নাগৰিকে আশা কৰিছে যে শীঘ্ৰে কাশ্মীৰৰ অশান্ত পৰিস্থিতি শান্ত হৈ পৰিব।
আৰম্ভণিৰে পৰা বলীউডৰ চেলেৱ্ৰিটীসকলো যথেষ্ট ভাবুক হৈ আছে আৰু সমৰ্থন জনাইছে।
বিবিচি এছিয়ান নেটৱৰ্কত সোনম কাপুৰৰ সৈতে হোৱা সাক্ষাত্কাৰত অভিনেত্ৰীগৰাকীয়ে কাশ্মীৰৰ পৰিস্থিত সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰে আৰু পাকিস্তানৰ সৈতে পৰিয়ালৰ সাংস্কৃতিক সম্ৱন্ধৰ বিষয়ে কিছু কথা প্ৰকাশ কৰে।
অভিনেত্ৰীগৰাকীয়ে স্বীকাৰ কৰিলে যে কাশ্মীৰৰ প্ৰকৃত স্থিতিৰ বিষয়ে তেওঁ জ্ঞাত নাছিল কাৰণ চাৰিওফালে বিপৰীতৰ বিপৰীত খবৰ বিয়পি পৰিছিল।