এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ’ল ৰৌতা অঞ্চল। পাষণ্ড পুত্ৰই চোকা অস্ত্ৰৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে পিতৃক। ওদালগুৰিৰ ৰৌতা থানাৰ অন্তৰ্গত ২নং ভালুকমাৰি গাঁৱত সংঘটিত হৈছে এই নৃশংস ঘটনা।
বুধবাৰে পুৱা নবাৰণ নাৰ্জাৰী নামৰ লোকজনক নৱম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ অমৱ্ৰীত নাৰ্জাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে। কুলাংগাৰ পুত্ৰই বিগত বহুদিন ধৰি বাইক কিনি দিবলৈ হেঁচা প্ৰয়োগ কৰি আছিল যদিও পিতৃই মান্তি হোৱা নাছিল পুত্ৰক ৱাইক ক্ৰয় কৰি দিয়াৰ কথাত। যাৰ বাবে পুত্ৰই নিজ হাতেৰে হত্যা কৰিলে পিতৃক।
নিচাযুক্ত দ্ৰব্য সেৱন কৰি চোকা অস্ত্ৰৰে পিতৃৰ মুূৰত আঘাত কৰে পুত্ৰই। আহত পিতৃক পৰিয়ালৰ লোকে ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিত্সকে মৃত ঘোষণা কৰে। পাষণ্ড পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি IPC 132/19 ধাৰাত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। মৃত পিতৃৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।