31.8 C
Guwahati
Sunday, October 2, 2022
More

    সুৰামত্ত পিতৃয়ে হত্যা কৰিলে পুত্ৰক, কন্যাকো হত্যাৰ চেষ্টা

    কাৰ্বি আংলঙৰ বোকাজানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পিতৃয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰক। বোকাজানৰ ৰামানগৰ চাহ বাগিচাত সংঘটিত এই হত্যাকাণ্ড।

    সন্ধিয়া সুৰাপান কৰি আহি ঘৰত পিতৃ অলবেলা কোঁৱৰে দাৰে ঘপিয়াই হত্যা কৰে পুত্ৰ মিণ্টু কোঁৱৰক। লগতে কন্যাকো দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায় পিতৃয়ে। ঘটনা সংঘটিত কৰিয়ে পলাই সাৰিবলৈ সক্ষম হয় অলবেলা কোঁৱৰ আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং