জম্মু-কাশ্মীৰত SMS সেৱা বন্ধ কৰি ৰখা হৈছে। ৭২ দিনৰ পিছত সোমবাৰে পোষ্টপেড মোবাইল নেটৱৰ্ক সেৱা আৰম্ভ কৰা হৈছিল যদিও কেইটামান ঘণ্টাৰ পিছতে পুনৰ SMS সেৱা বন্ধ কৰি দিয়া হ’ল। মোবাইল ফোন সেৱা আৰম্ভ কৰি দিয়া হৈছিল কিন্তু আউটগয়িং কলৰ সমস্যাই দেখা দিছিল জম্মু-কাশ্মীৰবাসীৰ।
বহুকেইজন মোবাইল গ্ৰাহকক বিগত ৭২ দিনৰ বিল প্ৰেৰণ কৰা হৈছিল আৰু লগতে বিল জমা নিদিয়াৰ বাবে তেওঁলোকৰ আউটগয়িং সেৱা বন্ধ কৰি দিয়া হৈছে। উল্লেখ্য যে, কাশ্মীৰত ইণ্টাৰনেট সেৱা বৰ্তমানলৈ আৰম্ভ কৰি দিয়া হোৱা নাই বাবে গ্ৰাহকে বৰ্তমানলৈ বিল পৰিশোধ কৰা নাই।
উল্লেখ্যযোগ্য যে, ৫ আগষ্টত জম্মু-কাশ্মীৰক বিশেষ ৰাজ্য হিচাপে( Article 370) আঁতৰোৱা আৰু ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশত বিভক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে যোগাযোগ সেৱা সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছিল।
photo credit: tribuneindia.com