27 C
Guwahati
Monday, September 26, 2022
More

    উত্তৰাখণ্ডত এখন গাড়ীৰ ওপৰত পাহাৰ খহি ৬ গৰাকীৰ মৃত্যু, কেইবাজনো আহত

    দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল ১০ গৰাকী ভক্ত আছিল। ভূমিস্খলনৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা

    উত্তৰাখণ্ডৰ দেবপ্ৰয়াগত শনিবাৰে ৫৮নং ৰাষ্ট্ৰীয় ঘাইপথত এখন গাড়ীৰ ওপৰত খহি পৰে পাহাৰৰ কিছু অংশ। দুৰ্ঘটনাটোত ৬ গৰাকী লোক নিহত হোৱাৰ লগতে ৪ গৰাকী লোক আহত। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল ১০ গৰাকী ভক্ত আছিল। ভূমিস্খলনৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।

    Photo Credit: hindi.oneindia.com

    দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা লোককেইজনক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়।

    উল্লেখ্য যে বিহাৰ, উত্তৰ প্ৰদেশৰ লগতে উত্তৰাখণ্ডতো অব্যাহত মুষলধাৰ বৰষুণ। প্ৰৱল বৰষুণৰ বাবে উত্তৰাখণ্ডত বৃদ্ধি পাইছে ভূমিস্খলনৰ ঘটনা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং