27 C
Guwahati
Wednesday, June 29, 2022
More

    শিৱসাগৰৰ শিৱদ’লত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ;৫ শতাধিক বিপনীৰে বাণিজ্য মেলা

    এই উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে ২০ ফেব্ৰুৱাৰী অৰ্থাৎ আজি শিৱসাগৰত স্থানীয় বন্ধৰ দিন ৰূপে ঘোষণা কৰিছে

    ঐতিহাসিক শিৱসাগৰৰ শিৱদ’লত আজিৰে পৰা ২৩ ফেব্ৰুৱাৰীলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰী শ্ৰী মহা শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ। শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ আজি দিনৰ ১২.৩০ বজাত শুভ উদ্বোধন কৰিব অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে।

    স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসমীয়া প্ৰতিদিন কাকতৰ পৰিচালন সঞ্চালক জয়ন্ত বৰুৱাই। শিৱৰাত্ৰি আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত উত্তৰপূৰ্বাঞ্চলৰ বিভিন্ন সাংস্কৃতিক দলে জাতীয় জনগোষ্ঠীয় অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে নেপালৰ পৰা আমন্ত্ৰণ কৰা সাংস্কৃতিক দলে অনুষ্ঠান পৰিবেশন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

    ইয়াৰোপৰি প্ৰতিদিনে শিৱ বন্দনা কৰা হ’ব। আনহাতে শেষৰ দিনা অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীত হৰি হৰৰ যুদ্ধ আৰু বানৰ পৰাজয় ভাওনা প্ৰদৰ্শন কৰা হ’ব। এইবাৰ আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী দ’লমুখ চাৰিআলিস্থিত ভাৰত ৰত্ন সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুষ্ঠিত কৰা হ’ব। শ্ৰী শ্ৰী শিৱৰাত্ৰী আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা বাণিজ্য মেলাত পাঁচ শতাধিক বিপনীৰ ব্যৱস্থা কৰা হৈছে।

    এই উৎসৱ আৰু মেলালৈ দেশৰ ভিন্ন প্ৰান্তৰ শিৱ ভক্ত সাধু সন্যাসী আৰু ব্যৱসায়ীৰ আগমন হয়। এই উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে ২০ ফেব্ৰুৱাৰী অৰ্থাৎ আজি শিৱসাগৰত স্থানীয় বন্ধৰ দিন ৰূপে ঘোষণা কৰিছে। আনহাতে এই উৎসৱ উপলক্ষে ভাৰতৰ সৰ্বোচ্চ শিৱদৌল ৰূপে পৰিচিত শিৱসাগৰ বৰপুখুৰী পাৰৰ দৌল চৌহদ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে।

    Photo Credit:@sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং