শিৱসাগৰৰ বেতন বঞ্চিত শিক্ষকে “ইচ্ছামৃত্যু” বিচাৰি ৰাষ্ট্রপতি আৰু ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে আবেদন। শিক্ষকে নিৰ্ধাৰিত কৰি দিয়া সময় উকলিল যদিও চৰকাৰৰ পৰা নাহিল কোনো সঁহাৰি। ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো স্পষ্ট সিদ্ধান্ত নোলোৱাত শিক্ষক সমাজে ইচ্ছা মৃত্যুৰ আবেদন কৰিছে।
যোৱা ৬ জানুৱাৰীত শিক্ষক সন্থাই শিৱসাগৰ জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্রী, বিত্তমন্ত্রী আৰু শিক্ষামন্ত্রীলৈ এই সন্দৰ্ভত পত্র প্রেৰণ কৰি ২০ জানুৱাৰীৰ ভিতৰত স্পষ্টকৈ জনাবৰ বাবে আহ্বান জনাইছিল। কিন্তু বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা শিক্ষক সমাজলৈ কোনো ধৰণৰ সঁহাৰি নজনোৱাত সুদীর্ঘ দিন বেতনৰ পৰা বঞ্চিত হৈ থকা শিক্ষক সকল ক্ষুণ্ণ হৈ আজি ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিলে ইচ্ছা মৃত্যুৰ আবেদন।

বিগত কংগ্রেছ চৰকাৰৰ দিনৰে চৰকাৰী প্ৰবঞ্চনাৰ বলি হৈ অহা শিক্ষক সকলে বৰ্তমানৰ বিজেপি চৰকাৰৰ পৰা সমাধানসূত্ৰ বিচাৰি এই আবেদন জনাইছিল। ৰাজ্য চৰকাৰৰ উদাসীন মনোভাৱৰ বাবেই ৰাজ্যখনৰ প্ৰায় ১২ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে ৰাজ্যজুৰি আজি ৰাষ্ট্রপতি আৰু ৰাজ্যপাললৈ “ইচ্ছামৃত্যু ” বিচাৰি পত্র প্রেৰণ কৰে।
উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনৰ পূর্বে বিজেপি দল শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ দুটা মাহৰ ভিতৰতে চাকৰি নিয়মীয়াকৰণ কৰিব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সততে জাতি মাটি ভেটি ৰক্ষাৰ শ্ল’গান দিয়া মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক এই সকল শিক্ষকৰ জাতি গঠন প্ৰক্ৰিয়াত কোনো ধৰণৰ ভূমিকা নাই নেকি বুলি শিক্ষক সমাজে প্ৰশ্ন কৰাৰ উপৰিও ভুমিপুত্ৰ খিলঞ্জীয়া শিক্ষক দুৰৱস্থা দেখি এবাৰো অন্তৰাত্মা নকপে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগে।
উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ ১৫০০ ৰো অধিক শিক্ষক শিক্ষয়িত্ৰীয়ে বিগত ৮ বছৰ ধৰি মাহেকীয় দৰমহাৰ পৰা বঞ্চিত হৈ আছে।
Photo: Sanjay Pareek