17 C
Guwahati
Wednesday, January 26, 2022
More

    সোধা-পোছা নকৰাকৈয়ে কৰ্মক্ষেত্ৰলৈ ওলাই যোৱা FCI কৰ্মচাৰীক গুৰুলা গুৰুলকৈ প্ৰহাৰ আৰক্ষীৰ

    প্ৰমাণ পত্ৰ থকাৰ পিছতো তেওঁক মাৰপিট কৰে আৰক্ষীৰ দলে

    চৰকাৰে লকডাউনৰ মাজতে পৰিস্থিতি কিছু শাম কটাত আজি চৰকাৰী কাৰ্যালয় সমূহৰ বাবে কিছু শিথিলতা জাৰি কৰিছে। আজিৰে পৰা ৰাজ্যত খোল খাইছে চৰকাৰী কাৰ্যালয় সমূহ। অৱশ্যে ৩৩শতাংশ কৰ্মচাৰীৰেহে কাৰ্যালয় চলিব লাগিব বুলিও নিয়ম বান্ধি দিছে চৰকাৰে। সেয়ে আজি নিজৰ কৰ্ম উদ্দেশ্যে ওলাই গৈছিল কিছু সংখ্যক লোক।

    পিছে শিৱসাগৰৰ মাজমজিয়াত কিছু জনসমাগম হোৱাত আৰক্ষীয়ে এফালৰ পৰা কোৱাই গৈছে সকলোকে। সোধা-পোছা নকৰাকৈয়ে এনেদৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছে বহু লোকক। তাৰ মজতেই এগৰাকী FCI কৰ্মচাৰীকো প্ৰহাৰ কৰিলে আৰক্ষীয়ে।

    যাৰ বাবে ভুক্তভোগীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত অভিযোগ দাখিল কৰে। FCIত কাম কৰা ব্যক্তিজনৰ লগত প্ৰমাণ পত্ৰ থকাৰ পিছতো তেওঁক মাৰপিট কৰে। ৪ বজাৰ পিছত ওলাই আহিলে পুনৰ মাৰধৰ কৰাৰো ভাবুকি দিয়ে আৰক্ষীৰ দলে।

    Photo Credit: @sanjaypareek

    Published:

    6 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং