20 C
Guwahati
Saturday, January 29, 2022
More

    ঐতিহাসিক শিৱদ’লত চুৰিকাণ্ড, অৱশেষত গ্ৰেপ্তাৰ ৩ চোৰ

    শিৱসাগৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে চোৰ তিনিটাক

    অৱশেষত গ্ৰেপ্তাৰ হ’ল ঐতিহাসিক শিৱ দ’লত চুৰিকাণ্ড সংঘটিত কৰা ৩ চোৰ। শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চোৰ তিনিটাক। ধৃত চোৰ তিনিটা খাটপথাৰৰ ভলুকা দুৱৰা(২০), লক্ষ্মী নগৰৰ নৰেন দত্ত (১৯) আৰু ভিক্ষাৰীপট্টিৰ হাফিজুৰ ৰহমান(২০)৷

    চোৰকেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১০ হাজাৰ টকা। শিৱ দ’লৰ লগতে বিষ্ণু দ’লতো লুটপাত চলাইছিল চোৰকেইটাই। উল্লেখ্য যে, ১৩ এপ্ৰিলৰ নিশা দানপাত্ৰ ভাঙি চোৰকেইটাই নিছিল ধন। ঐতিহাসিক দ’ল দুটাত চুৰি কাৰ্য সংঘটিত হোৱাক কেন্দ্ৰ কৰি সমালোচনাৰ সন্মুখীন হৈছিল শিৱসাগৰ আৰক্ষী৷

    শিৱদ’লৰ পৰা এশ মিটাৰ দূৰত্বতে শিৱসাগৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষ থকাৰ পাছতো দুটাকৈ দ’লত চোৰে চুৰি কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হোৱা ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল শিৱসাগৰত৷

    ইয়াৰ পিছতেই শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত গঠন হৈছিল এক বিশেষ গোট৷ অৱশেষত আজি তিনিওটা চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষী। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ অন্তত শিৱসাগৰ মূখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় তিনিও চোৰক৷ পিছত আদালতে শিৱসাগৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে চোৰ তিনিটাক৷

    Photo Credit: @sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং