16 C
Guwahati
Friday, November 26, 2021
More

    কোৱাৰাণ্টাইন চেণ্টাৰৰ দুৰৱস্থা; ৩দিনে নাই ঔষধ

    কোৱাৰাণ্টাইনত থকা লোকৰ অভিযোগ খাদ্য সামগ্রী অতি নিম্ন মানৰ

    ৰাজ্যৰ কোৱাৰাণ্টাইন চেণ্টাৰৰ কিছু অভাৱনীয় দৃশ্য। এফালে যদি কোৱাৰাণ্টাইন হৈ থকা লোক সকলক যোগান ধৰিছে সকলো সুবিধা আনফালে আকৌ নূন্যতম সুবিধা খিনিয়ে পৰা নাই আগবঢ়াব।

    নগাঁৱৰ কচুৱা কোৱাৰাণ্টাইন চেণ্টাৰত পৰিলক্ষিত হৈছে এক অভাৱনীয় পৰিৱেশ। কোৱাৰাণ্টাইনত থকা লোকৰ অভিযোগ খাদ্য সামগ্রী অতি নিম্ন মানৰ। আনকি কোৱাৰাণ্টাইন চেণ্টাৰটোত নাই পোহৰৰ সামান্যতমো ব্যৱস্থা।

    প্ৰসাৱগাৰ-শৌচালয় নিম্নমানৰ হোৱাৰ লগতে মহিলাৰ বাবে সুকীয়া প্ৰসাৱগাৰ-শৌচালয় অভাৱ হোৱাৰো অভিযোগ। কোনো সামাজিক ব্যৱধান নৰখাকৈ সকলোকে একেলগে ৰখাত ব্যাপক বিসংগতি। লগতে ৯৫ জনৰ মাজত মাথোঁ চাৰি-পাঁচটা বাল্টি। নাই কোনো পৰ্যাপ্ত সুবিধা। তিনিদিন হৈ যোৱাৰ পিছতো ঔষধ বিচাৰি নোপোৱাৰো গুৰুতৰ অভিযোগ চেণ্টাৰটোত থকা লোক সকলৰ।

    Photo Credit: @rupjyotibhuyan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং