25 C
Guwahati
Thursday, October 21, 2021
More

    ৰাজভৱন চৌহদত সম্পূৰ্ণৰূপে নিষিদ্ধ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক

    ইফালে প্লাষ্টিক নিষিদ্ধৰ ঘোষণা কৰিয়েই ৰাজ্যপালে ৰাজভৱন কৰ্মচাৰীক প্ৰদান কৰিলে কাপোৰৰ বেগ

    ৰাজভৱন চৌহদত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ল Single Use Plastic, এই ঘোষণা অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ। আজি সমগ্ৰ বিশ্ব বাৰুদৰ ওপৰত বিৰাজমান হৈ আছে, এটা বুটাম টিপিলেই মানৱ জাতি ধ্বংস হৈ যাব পৰা ক্ষমতা আমাৰ আছে কিন্তু শান্তি আৰু অহিংসাৰ যি বাণী বাপুজীয়ে দিছিল সেয়া আজিও শক্তিশালী আৰু প্ৰাসংগিক।’- মন্তব্য ৰাজ্যপাল জগদীশ মুখীৰ।

    খাদী গ্ৰাম্য উদ্যোগক এতিয়া বিকাশৰ বাবে চৰকাৰেও বহু ব্যৱস্থা হাতত লৈছে, স্বচ্ছতাৰ ক্ষেত্ৰত গান্ধীজীয়ে দিয়া বাৰ্তা আজিও সফল হোৱা নাই বুলি মন্তব্য ৰাজ্যপালগৰাকীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শাসনভাৰ লৈয়ে স্বচ্ছতাৰ বাবে অভিযান আৰম্ভ কৰিলে। এতিয়া স্বচ্ছতা অভিযানৰ ফলাফলত পৰিৱৰ্তন সকলোৱে দেখিছে। শৌচাগাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো সকলো সজাগ হৈছে বুলিও মতপ্ৰকাশ কৰে মুখীয়ে।

    প্লাষ্টিক ব্যৱহাৰৰ এটা কু-ফল হৈছে জলবায়ু পৰিৱৰ্তন। প্লাষ্টিক মানৱ জীৱনৰ অভিন্ন অংগ হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আহ্বান জনাইছে Single Use Plastic ব্যৱহাৰ নকৰিবলৈ। ময়ো অসমবাসীক আহ্বান জনাইছো প্লাষ্টিকৰ বেগ আৰু বটল ব্যৱহাৰ নকৰিবলৈ। অসমবাসীক আহ্বান জনোৱাৰ পূৰ্বে আজিৰপৰা ৰাজভৱনত Single Use Plastic নিষিদ্ধ কৰা হ’ল বুলি ঘোষণা কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।

    ইফালে প্লাষ্টিক নিষিদ্ধৰ ঘোষণা কৰিয়েই ৰাজ্যপালে ৰাজভৱন কৰ্মচাৰীক প্ৰদান কৰিলে কাপোৰৰ বেগ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং