আগৰ স্থিতিত অটল শুদ্ধ NRC নোলাল, ১ কোটি বাংলাদেশীৰ নাম সোমাল NRCত। হিন্দুৰ নাম বাদ পৰাৰ ষড়যন্ত্ৰ আৰু মুছলমানৰ নাম NRCত অন্তৰ্ভুক্তৰ ষড়যন্ত্ৰ।’- বহু প্ৰতীক্ষিত জাতীয় দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ পিছতে এই বিস্ফোৰক মন্তব্য হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ।
‘প্ৰতিবাদ হৈছে, আজি অসমীয়াৰ ঘৰত মিঠাই পৰ্ব হ’ব লাগিছিল কিন্তু মানুহে কান্দি আছে।’- সংবাদমেলত মন্তব্য বিধায়কগৰাকীৰ। কেন্দ্ৰক তদন্তৰ আহ্বান বিধায়কগৰাকীৰ।
‘যাৰ নাম অন্তৰ্ভুক্ত হ’ব নালাগিছিল সেই মানুহে আজি বাংলাদেশ বৰ্ডাৰত বহি মিঠাই খাই আছে, এইখন শুদ্ধ nrc বুলি ভাবিলে অসমীয়াই ভুগিব, প্ৰাণৰ ভয়ত হাজেলাই বাংলাদেশীৰ নাম NRCত অন্তৰ্ভূক্ত কৰিছে, উচ্চতম ন্যায়ালয় নহয় সমগ্র প্ৰক্ৰিয়া ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতত গতাব লাগে।’- এই মন্তব্য শিলাদিত্য দেৱৰ।
১ কোটি বাংলাদেশীৰ নাম সোমাই গ’ল এই ক্ষতি কেৱল অসমৰ নহয় ভাৰতৰ ক্ষতি, অসম আন্দোলন হিন্দু শৰণাৰ্থীৰ বাবে নাছিল, অসম আন্দোলন আছিল কাঁইটীয়া তাৰ পাৰ হৈ অহা অবৈধ নাগৰিকৰ বাবেহে, আমছু আৰু AIUDFৰ এজেণ্ডা পূৰণ হৈ গ’ল, ১ কোটিৰ নাম সোমাব পাৰিলে আৰু ১০ লাখৰো নাম সোমাব।’- এই বিস্ফোৰক অভিযোগ হোজাইৰ বিধায়কগৰাকীৰ।