32 C
Guwahati
Friday, September 30, 2022
More

    NRC প্ৰকৃত ভাৰতীয়ৰ ৰক্ষাকৱচ নহয়, বৰঞ্চ বাংলাদেশী মুছলমানৰ মুখপাত্ৰহেঃ শিলাদিত্য দেৱ

    বাংলাদেশী মুছলমানৰ দৰে হিন্দু-বঙালীয়ে কেতিয়াও সত্ৰৰ মাটি দখল কৰা নাই, অসমীয়া নাৰীক ধৰ্ষণ কৰা নাই বুলি মন্তব্য কৰে বিধায়ক দেৱে

    এনআৰচিক লৈ ব্যাপক দুৰ্নীতি কৰিছে উচ্চতম ন্যায়ালয়ে, মুখ্য ন্যায়াধীক ৰঞ্জন গগৈৰ বিৰুদ্ধে মুখ খুলিব অহা নৱেম্বৰ মাহত, বাক্সাৰ এন আৰ চিৰ সজাগতা সভাত বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰক মন্তব্য।

    উচ্চতম ন্যায়ালয়ে এনআৰচিৰ নামত ব্যাপক দুৰ্নীতি কৰিছে বুলি মন্তব্য বিধায়কগৰাকীৰ৷ দেওবাৰে বাক্সাৰ নিছলামাৰীত এনআৰচিক লৈ অনুষ্ঠিত সজাগতা সভাত এই বিতৰ্কিত মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে NRCৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বিশ্বাসত নল’লে৷

    কেৱল প্ৰতীক হাজেলাৰ জৰিয়তে এনআৰচিক উন্নীতকৰন কৰা উচ্চতম ন্যায়ালয়ে গণতন্ত্ৰক হত্যা কৰিছে৷ আছুৱে কেৱল হিন্দু শৰনাৰ্থীৰ ওপৰতে আক্ৰমণ চলাই অহা বুলি অভিযোগ উত্থাপন কৰি বিতৰ্কিত বিধায়কগৰাকীয়ে হিন্দু বাঙালীয়ে কেতিয়াও অসম বিৰোধী কাম কৰা নাই বুলি কয়৷

    বাংলাদেশী মুছলমানৰ দৰে হিন্দু-বঙালীয়ে কেতিয়াও সত্ৰৰ মাটি দখল কৰা নাই, অসমীয়া নাৰীক ধৰ্ষণ কৰা নাই বুলি মন্তব্য কৰে বিধায়ক দেৱে। এনআৰচিৰ নামত এতিয়া দাদাগিৰি চলিছে, সেয়েহে এনআৰচিক লৈ কোনো বঙালী লোক শংকিত হোৱা কাৰণ নাই বুলি সভাত মন্তব্য কৰে শিলাদিত্য দেৱে৷ ইফালে উচ্চতম ন্যায়ালয়ৰ দুৰ্নীতি সন্দৰ্ভত মুখ্য ন্যায়াধীক ৰঞ্জন গগৈৰ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্য ন্যায়াধীকগৰাকীৰ বিৰুদ্ধে অহা নৱেম্বৰ মাহত মুখ খুলিব বুলি কয়৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং