32 C
Guwahati
Friday, September 30, 2022
More

    জেহাদী দলক দমন কৰিবলৈ বন্দুকৰ সাহায্য ল’ব লাগিবঃ শিলাদিত্য দেৱ

    লভ জেহাদ, ধৰ্ষণ, হত্যা এইবিলাক যে আমি দেখা পাইছো সেইবোৰ হ'ল ৰিফ্লেকচন অব এন আৰ চি- লভ জেহাদ আৰু বুঢ়া আৰক্ষী থানাৰ ঘটনা সন্দৰ্ভত মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ

    লভ জেহাদ, ধৰ্ষণ, হত্যা এইবিলাক যে আমি দেখা পাইছো সেইবোৰ হ’ল ৰিফ্লেকচন অব এন আৰ চি- লভ জেহাদ আৰু বুঢ়া আৰক্ষী থানাৰ ঘটনা সন্দৰ্ভত মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ। NRCত বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পিছত তেওলোকৰ আচল ৰূপ এতিয়া আমি দেখা পাইছো আৰু কিমান ভয়ানক হৈ পৰিব যদি NRC গ্ৰহণ কৰো। কাৰণ লাখ লাখ বাংলাদেশীৰ নাম সোমাই গৈছে আৰু তেওঁলোকৰ মনোবল এনেকুৱা হৈ গৈছে যে, দেশ এতিয়া তেওঁলোকৰ, ইয়াত খিলঞ্জীয়া লোকৰ অধিকাৰ নাই বুলি মুছলমানসকলে ভাবি আছে – এই মন্তব্য বিধায়কগৰাকীৰ।

    বুঢ়া থানাৰ ঘটনাৰ কোনোধৰণৰ তদন্ত নোহোৱাকৈ আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হ’ল আৰু তাৰ পিছত যি শুনি আছো। জেহাদীসকলে যিকোনো কাম কৰিব পাৰে, তেওঁলোকে নিজৰ পত্নীকো হত্যা কৰিব পাৰে। তেওঁলোকে নিজৰ ভগ্নীকো ৰাজপথত পঠাই দিব পাৰে জেহাদী কৰিবলৈ।- বুঢ়া থানাৰ সন্দৰ্ভত শিলাদিত্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

    বুঢ়া থানাত ৩গৰাকী মহিলাক মাৰপিট কৰা ঘটনাটো সত্য হ’ব পাৰে নহ’বও পাৰে। যদি নহয় তাৰ ওপৰত তদন্ত কৰি উচিত বিচাৰ কৰিব লাগে। বাংলাদেশী মুছলমানে আমাৰ ঘৰত সোমাই খিলঞ্জীয়া যুৱতীসকলক অত্যাচাৰ কৰিব, মাৰপিত কৰিব, ধৰ্ষণ কৰিব, তেওঁলোকক পলুৱাই লৈ যাব প্ৰেমৰ জালত পেলাই তাৰ পিছত আৰৱ দেশত বিক্ৰী কৰি দিব।- বিস্ফোৰক মন্তব্য দেৱৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং