‘বাংলাদেশী মুছলমানৰ নাম থকা এখন NRC প্ৰকাশ হ’বলৈ গৈ আছে। বাংলাদেশী মুছলমান ১৯৭১ৰ পিছত আহিছে আৰু ভুৱা কাগজ-পত্ৰ দি NRCত নাম অন্তৰ্ভূক্ত কৰিছে। অসমীয়া জাতিক ধ্বংস কৰিব এই NRC-এ।’- NRCক লৈ বিস্ফোৰক মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ।
মদন মল্লিক নামৰ এজন ছদীহ পৰিয়াললৈ বিদেশী বুলি জাননী আহিছে। আছুৱে ৮৫৫ গৰাকী ছহিদকলৈ কথা কোৱাৰ সময়ত ছদিহক অপমান কৰা হৈছে কিন্তু তাৰ পিছতো আছুৱে মিঠাই খাই আছে, এই বুলি কটাক্ষ বিধায়কগৰাকীৰ।
‘আমছুৱে কিয় এজনো বিদেশী মুছলমান চিনাক্ত কৰি দিব পৰা নাই, নৱেম্বৰৰ পৰা মহা আন্দোলন হ’ব NRCৰ বিৰুদ্ধে, বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভূক্ত হোৱা এই NRCৰ সকলো কাম বন্ধ কৰি দিব লাগে।’- আমছুকো আক্ৰমণ হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ।
Guwahati | Edited by: Dulu Medhi