27 C
Guwahati
Thursday, October 14, 2021
More

    জামিয়াত তৃতীয়টো গুলীচালনাৰ ঘটনা;ৰঙা মটৰচাইকেলত আহিছিল দুৰ্বৃত্ত

    ভাৰতীয় দণ্ডবিধি আৰু সশস্ত্ৰ অধিনিয়ম মতে হত্যাৰ প্ৰয়াসৰ এটা গোচৰ ৰুজু কৰি আৰক্ষীৰ তদন্ত অব্যাহত

    জামিয়াত এসপ্তাহৰ ভিতৰত তৃতীয়টো গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। শনিবাৰে শ্বাহিন বাগ এলেকাত কা বিৰোধী বিক্ষোভৰ মাজতে ২৫বছৰীয়া এজন যুৱকে শূন্যত গুলী চলাইছিল। ইয়াৰ আগতে বৃহস্পতিবাৰে এজন ব্যক্তিয়ে কা বিৰোধী প্ৰতিবাদকাৰীৰ ওপৰত কৰা গুলীচালনাত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ আহত হৈছিল। পুনৰ দেওবাৰে নিশা জামিয়াত সংঘটিত হোৱা তৃতীয়টো গুলীচালনাৰ ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    অজ্ঞাত দুৰ্বৃত্তই জামিয়া বিশ্ববিদ্যালয়ৰ বাহিৰত গুলীচালনা কৰিছিল, এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। ৰঙা মটৰচাইকেলত দুৰ্বৃত্তই আহি গুলীচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু এজন দুৰ্বৃত্তই ৰঙা ৰঙৰ জেকেট পৰিধান কৰাৰ কথা জানিবলৈ পোৱা গৈছে। বাহনৰ নম্বৰ সংগ্ৰহ কৰি কোনো লোকে আৰক্ষীক খবৰ দিছে আৰু আৰু আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আৰু সশস্ত্ৰ অধিনিয়ম মতে হত্যাৰ প্ৰয়াসৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

    Photo Credit: India Today

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং