27 C
Guwahati
Thursday, October 14, 2021
More

    পদপথত চানা-তামোল বিক্ৰী কৰি ভাল ফলাফল কৰা শিল্পাৰ সপোন আৰক্ষী বিষয়া হোৱাৰ

    দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ কেইবছৰ মান পুৰ্বে পিতৃ দীপক দাসৰ মৃত্যু হোৱাৰ পাছৰে পৰা মাতৃৰ লগতে নিজৰো ভৰণ পোষনৰ দায়িত্ব নিজে লব লগা হয় শিল্পাই

    পিতৃহাৰা শিল্পাৰ কষ্টকৰ জীৱন। পঢ়াৰ সমান্তৰালকৈ মাতৃৰ লগত পদপথতে চানা, পকৰি, তামোল আদি বিক্ৰী কৰি আজি পিন্ধিলে সফলতাৰ মুকুট।

    দুবেলা দুমুঠি ভাত মোকলাই চৰকাৰী বিদ্যালয়ত পঢ়া শিল্পাৰ সামৰ্থ্য নাছিল কোনো ঘৰুৱা শিক্ষকৰ সহায় লোৱাৰ।

    ঘৰতো অন্য কোনো এজন নাই সবায় কৰোতা। কিৱল নিজৰ অধ্যৱসায়ৰ মিঠা ফল পালে শিল্পাই।

    পৰ্যাপ্ত সা সুবিধা, প্ৰতিটো বিষয়ত ঘৰুৱা শিক্ষক তথা আত্মীয় স্বজনৰ আপদালৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিও ভাল ফলাফল লাভ কৰিবলৈ সক্ষম নোহোৱা এচাম ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিল্পাৰ এই জয়যাত্ৰা।

    কালি ঘোষণা কৰা ফলাফলত ৫২.১৬% নম্বৰৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হ’ল বিশ্বনাথ চাৰিআলিৰ এগৰাকী ছাত্ৰী।

    বিশ্বনাথ চাৰিআলিৰ আমবাৰীৰ পদপথত চানা-পকৰিৰ দোকান দি নিজ মাতৃৰ লগত জীৱন নিৰ্বাহ কৰা এই ছাত্ৰী গৰাকীৰ নাম শিল্পা দাস।

    মাতৃ এখন প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী। পিতৃ প্ৰয়াত দীপক দাস আছিল এগৰাকী কাৰিকৰ।

    দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ কেইবছৰ মান পুৰ্বে পিতৃ দীপক দাসৰ মৃত্যু হোৱাৰ পাছৰে পৰা মাতৃৰ লগতে নিজৰো ভৰণ পোষনৰ দায়িত্ব নিজে লব লগা হয় শিল্পাই।

    পিতৃৰ নিজা মাটি নথকাৰ বাবে আনৰ এটা সৰু ঘৰৰ কোঠা ভাড়াত লৈ কোনোমতে জীৱন নিৰ্বাহ কৰা শিল্পাৰ এই ফলাফলত অত্যন্ত সুখী মাতৃ ৰাধিকা দাস।

    চাৰিআলি আদৰ্শ বিদ্যাপীঠৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিল্পাই বিশ্বনাথ মহাবিদ্যালয়ত পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰিব।

    ভৱিষ্যতে দেশৰ সেৱাৰ হকে অসম পুলিচত যোগদান কৰাৰ মন শিল্পাৰ।

    উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত চৰম আৰ্থিক সংকটৰ সন্মুখীন হ’ব লাগিব বুলি জানিবলৈ দিছে মেধাৱী ছাত্ৰী শিল্পাই।

    Photo Credit: @sayanika-deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং