27 C
Guwahati
Wednesday, October 13, 2021
More

    শ্বিলং ভ্ৰমণ বাতিল কৰিলে অমিত শ্বাহে

    উত্তৰ পূৱ পুলিচ একাডেমীৰ এক অনুষ্ঠানত অংশ লোৱাৰ কথা আছিল অমিত শ্বাহৰ

    ১৫ ডিচেম্বৰ ২০১৯ ৰবিবাৰে শ্বিলং ভ্ৰমণলৈ অহা কথা আছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। পিছে বৰ্তমানে হৈ থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ বাবে এই ভ্ৰমণ কাৰ্যসূচী বাতিল কৰে মন্ত্ৰীগৰাকীয়ে।

    উল্লেখ্য যে উত্তৰ পূৱ পুলিচ একাডেমীৰ এক অনুষ্ঠানত অংশ লোৱাৰ কথা আছিল অমিত শ্বাহৰ। পিছে নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ উত্তৰ পূৱ অগ্নিগৰ্ভা হৈ থকা কাৰণে অনুষ্ঠানত বাতিল কৰে গৃহ মন্ত্ৰীগৰাকীয়ে।

    আনহাতে উত্তৰ পূৱত হৈ থকা উত্তপ্ত পৰিস্থিতিৰ বাবে বিদেশৰ পৰ্যটকসকলকো উত্তৰ পূৱ ভ্ৰমণত বাধা প্ৰদান পৰ্যটন বিভাগৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং