20 C
Guwahati
Saturday, January 29, 2022
More

    VIDEO: শ্বাৰ্জিল ইমামক আদালতত হাজিৰ কৰাৰ সময়তে আক্ৰমণৰ চেষ্টা

    ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় JNUৰ ছাত্ৰ শ্বাৰ্জিল ইমামক

    শুকুৰবাৰে আদালতত হাজিৰ কৰাৰ সময়তে শ্বাৰ্জিল ইমামক আক্ৰমণৰ চেষ্টা। হিন্দু জাগৰণ মঞ্চৰ একাংশৰ আক্ৰমণ চেষ্টাৰ চলোৱাৰ অভিযোগ। এই ঘটনাৰ পিছতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হয় হতাহতি। আৰক্ষী বেষ্টনীৰ মাজত নিৰাপদে লৈ যোৱা হয় শ্বাৰ্জিলক। আদালতত হাজিৰ কৰোৱাৰ পিছত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় JNUৰ ছাত্ৰ শ্বাৰ্জিল ইমামক।

    উল্লেখ্য যে যেতিয়া ইমামক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰালৈ লৈ যোৱা হৈছিল সেই সময়তে হিন্দু জাগৰণ মঞ্চৰ এটা প্ৰতিবাদকাৰী দলে আদালতৰ সন্মুখত চিঞৰি চিঞৰি শ্ল’গান দিয়ে। ‘শ্বাৰ্জিল মুৰ্দাবাদ’ আৰু ‘দেশ কে গদ্দাৰো কো, গোলী মাৰো’ শ্ল’গানেৰে উত্তাল কৰে আদালতৰ চৌহদ। শীঘ্ৰে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক সেই স্থানৰ পৰা আঁতৰাই পঠায়।

    আক্ৰমণৰ চেষ্টা চলোৱা VIDEO

    ২৪ ফেব্ৰুৱাৰীত শ্বাৰ্জিল ইমামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। ২০ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ অনা হৈছিল শ্বাৰ্জিল ইমামক। ২৮ জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল শ্বাৰ্জিলক।

    Photo credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং