26 C
Guwahati
Sunday, October 24, 2021
More

    CAA আৰু NRC কোনো এটা ধৰ্মক টাৰ্গেট কৰাৰ চেষ্টাঃ শৰদ পাৱাৰ

    সংসদত এই বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে আমি ইয়াৰ বিৰোধিতা কৰিছিলো আৰু ইয়াৰ বিৰোধিতাৰে ভোটদান কৰিছিলো

    দেশজুৰি অব্যাহত নাগৰিকত্ব সংশোধনী আইন আৰু NRCক লৈ প্ৰতিবাদ। ৰাজধানী দিল্লী আৰু উত্তৰ প্ৰদেশসহ দেশৰ কেইবাখনো ৰাজ্যত ইয়াক লৈ যথেষ্ট হিংসাত্মক ঘটনা সংঘটিত হৈছে। এইবাৰ এই সন্দৰ্ভত মুখ খুলিছে NCP প্ৰধান শৰদ পাৱাৰে। তেওঁ ক’লে যে এই আইনে কোনো এটা ধৰ্মক টাৰ্গেট কৰাৰ চেষ্টা চলাইছে।

    শৰদ পাৱাৰে ক’লে, ‘NRC আৰু CAAৰ বিৰোধিতাৰে দেশজুৰি প্ৰতিবাদ হৈ আছে। দেশৰ অন্য গুৰুত্বপূৰ্ণ বিষয়ৰ পৰা ফালৰি কটাৰ ইয়াৰ উদ্দেশ্য।’ তেওঁ ক’লে যে ‘এই আইনে কোনো এটা ধৰ্মক টাৰ্গেট কৰাৰ চেষ্টা চলাইছে। নেপাল আৰু শ্ৰীলংকাৰ পৰা অহা লোকসকলক লৈ একো নক’লে কিন্তু পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা লোকসকলক টাৰ্গেট কৰা হৈছে। পাৱাৰে ক’লে যে এই বিৰোধ কেৱল সংখ্যালঘূসকলৰ নহয়, সমাজৰ প্ৰতিটো শ্ৰেণী আৰু তাৰকাই ইয়াৰ বিৰোধিতা কৰিছে।

    সংসদত এই বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে আমি ইয়াৰ বিৰোধিতা কৰিছিলো আৰু ইয়াৰ বিৰোধিতাৰে ভোটদান কৰিছিলো। পাৱাৰে ক’লে, গৃহ মন্ত্ৰী অমিত শ্বাহে অনুপ্ৰৱেশকাৰীৰ শব্দ ব্যৱহাৰ কৰি ৩খন দেশৰ নাম লৈছে। ইয়াৰ দ্বাৰা এটা বিশেষ ধৰ্মক টাৰ্গেট কৰা দেখা গৈছে। তেওঁ ক’লে অসমত আমাৰ সহযোগীয়ে কৈছে যে তাত সকলো সৰ্বনাশ হৈছে।

    Photo Credit: loksatta.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং