আজি শ্বহীদ দিৱস। আজি ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসত অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক ৰাজ্যই শ্ৰদ্ধাৰে সুঁৱৰিছে। প্ৰতিবছৰে এই দিনটোত ছয় বছৰীয়া অসম আন্দোলনত জীৱন উৎসৰ্গা কৰা ৮৫৫ জন শ্বহীদৰ স্মৃতিত শ্বহীদ দিৱস পালন কৰি আহিছে ৰাজ্যবাসীয়ে। অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। ১৯৭৯ চনৰ ১০ ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰে অসম আৰু অসমীয়াৰ বাবে হোৱা সৰ্ববৃহৎ গণ আন্দোলনৰ বাবে প্ৰাণ আহুতি দি শ্বহীদ হয় ।

এই ঘটনাৰ পিছতেই প্ৰথমে অহিংস ভাৱেই আৰম্ভ হোৱা আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰে। ফলত আৰু ৮৫৪ জনে অসম আন্দোলনত প্ৰাণ আহুতি দিয়ে। খৰ্গেশ্বৰ তালুকদাৰকে ধৰি অসম আন্দোলনত শ্বহীদ হয় মুঠ ৮৫৫ জন। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৱিত্ৰ স্মৃতিত লগতে ৮৫৪জন বীৰ শ্বহীদক সুঁৱৰি প্ৰতিবছৰে শ্বহীদ দিৱস পালন কৰি অহা হৈছে। Time8ৰ ফালৰ পৰাও আমি এই বীৰ শ্বহীদসকলক যাঁচিলো গভীৰ শ্ৰদ্ধাঞ্জলি।