শ্বাহীন বাগৰ সৈতে জড়িত এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। সূত্ৰ অনুসৰি শ্বাহীন বাগৰ প্ৰতিবাদকাৰীসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে তেওঁলোকে গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি তেওঁলোকৰ কথা তেওঁৰ সন্মুখত প্ৰকাশ কৰিব। শ্বাহীন বাগৰ প্ৰতিগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে কাইলৈ দুপৰীয়া ২ বজাত গৃহ মন্ত্ৰীৰ চৰকাৰী আৱাসত তেওঁক সাক্ষাৎ কৰিব আৰু সাক্ষাতকালতে নিজৰ দাবীসমূহৰ বিষয়ে উল্লেখ কৰিব। শ্বাহীন বাগৰ প্ৰতিবাদকাৰীসকলৰ প্ৰাথমিক দাবী হ’ব নাগৰিকত্ব সংশোধনী আইনখন ঘূৰাই লোৱা।
কিন্তু এই সাক্ষাৎ সন্দৰ্ভত গৃহ মন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰই কোৱা অনুসৰি তেওঁলোকে এই সাক্ষাতৰ বাবে প্ৰতিবাদকাৰীসকলৰ ফালৰ পৰা কোনোধৰণৰ আৱেদন লাভ কৰা নাই। উল্লেখ্য যে বিগত বৰ্ষৰ ডিচেম্বৰৰ মাহৰ পৰা CAA, NRC আৰু NPRৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে প্ৰতিবাদী মহিলাসকলে।
শ্বাহীন বাগৰ প্ৰতিবাদী মহিলাসকলে কোৱা অনুসৰি তেওঁলোকে কাইলৈ দুপৰীয়া ২ বজাত অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ যাব। তেওঁ কোৱা অনুসৰি আমি আমন্ত্ৰণ জনোৱাৰ পিছতো গৃহ মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শ্বাহীন বাগলৈ নাহিল কিন্তু আমি চৰকাৰক আমাক সাক্ষাৎ কৰিবলৈ ৩ দিনৰ সময় দিছো। আমি কাইলৈ সকলোৱে অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ নিশ্চয় যাম।
Photo credit: PTI