24 C
Guwahati
Friday, December 3, 2021
More

    বোৰ্খাৰ তলত কেমেৰা লুকাই আনি শ্বাহিনবাগত ধৰা পৰিল মহিলা

    জেৰাত মহিলাগৰাকীয়ে নিজৰ নাম গুঞ্জা কাপুৰ বুলি জানিবলৈ দিয়ে

    দিল্লীৰ শ্বাহিনবাগত হৈ থকা আন্দোলনৰ মাজত আকৌ অপ্ৰিতিকৰ পৰিস্থিতি। এইবাৰ এগৰাকী মহিলাই বোৰ্খা পিন্ধি তাৰ মাজত লুকুৱাই আনিলে এটা কেমেৰা। পিছে আৰক্ষীয়ে নহয় প্ৰতিবাদকাৰী অন্য মহিলাইহে ধৰা পেলাই এই ঘটনা।

    মহিলাগৰাকীয়ে শ্বাহিনবাগৰ প্ৰতিবাদথলীত সন্দেহজনকভাৱে ঘুৰি আছিল আৰু ভিডিঅ’ বনাই আছিল। লগতে প্ৰতিবাদকাৰী মহিলা সকলক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি আছিল। তেতিয়াই তাত উপস্থিত থকা অন্য মহিলাৰ সন্দেহ উপজাত তালাচী চলাওতে ওলাই পৰে এই বোৰ্খাৰ তলৰ কেমেৰা।

    পিছত প্ৰতিবাদকাৰী মহিলাই আৰক্ষীক খবৰ দিয়াত আৰক্ষী তাত উপস্থিত হৈ ধৃত মহিলাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত মহিলাগৰাকীয়ে নিজৰ নাম গুঞ্জা কাপুৰ বুলি জানিবলৈ দিয়ে। এই গুঞ্জাৰে এটা নিজা ইউটিউব চেনেল আছে। হয়তো নিজৰ ইউটিউব চেনেলটোৰ বাবেই এনেদৰে ভিডিঅ’ বনাই আছিল বুলি সন্দেহ আৰক্ষীৰ। আৰু অধিক তথ্যৰ বাবে বৰ্তমানে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    উল্লেখ্য যে এই গুঞ্জা কাপুৰৰ টুইটাৰ একাউণ্ট খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ’ল’ কৰে। এই কথা নিজেই নিজৰ টুইটাৰ একাউন্ট যোগে সদৰি কৰিছে গুঞ্জাই।

    Photo: @gunjakapoor And time8 webdesk

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং