- পাকিস্তানে দিছিল এয়াৰস্পেছ বন্ধ কৰাৰ ভাবুকি
- এতিয়া বাৰে বাৰে কৰি আছে আলোচনা
- পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে ক’লে- উপদেশ লৈহে সিদ্ধান্ত গ্ৰহণ কৰিব
- পূৰ্বে কৈছিল এয়াৰস্পেছ বন্ধ কৰাৰ কথা
ধাৰাবাহিকভাৱে পাকিস্তানে ভাৰতক প্ৰদান কৰি আছে ভাবুকি, কিন্তু যেতিয়া কথাটোৰ ওপৰত গুৰুত্ব সহকাৰে আলোচনা কৰে তেতিয়াহে প্ৰকৃত কথা গম পোৱা যায়। কিছুদিন পূৰ্বে মন্ত্ৰী ফৱাদ চৌধুৰীয়ে কৈছিল যে ইমৰান খান ভাৰতৰ বাবে এয়াৰস্পেছ বন্ধ কৰাৰ ক্ষেত্ৰত আলোচনা কৰি আছে।
কিন্তু এতিয়া পাকিস্তানৰ বিদেশ মন্ত্ৰী ইয়াৰ বিপৰীত মন্তব্যহে কৰিছে। শ্বাহ মেহমুদ কুৰেছীয়ে ক’লে যে বৰ্তমান এনেকুৱা কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই আৰু ইয়াৰ লগতে জড়িত সকলো খবৰে কাল্পনিক।
বৃহস্পতিবাৰে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মেহমুদ কুৰেছীয়ে স্পষ্ট কৰি দিছিল যে বৰ্তমানলৈ বিমান বন্দৰ ভাৰতৰ বাবে বন্ধ কৰি দিয়াৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। পাকিস্তানৰ ডন বাতৰিকাকত অনুসৰি নেছনেল ডেটাবেছ এণ্ড ৰেজিষ্ট্ৰেচন অথৰিটী ভ্ৰমণত শ্বাহ মেহমুদ কুৰেছীয়ে সাংবাদিকসকলৰ সৈতে আলোচনা কৰি ঘটনা সন্দৰ্ভত সকলো তথ্য কাল্পনিক বুলি কৈ খাৰিজ কৰিছে।
পাকিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ক’লে যে উচিত বিচাৰৰ বাবে আৰু পৰামৰ্শৰ পিছতহে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।