জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ বাতিলৰ পিছৰে পৰা এতিয়ালৈকে ধৰফৰণি কমা নাই পাকিস্তানৰ, প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানকে ধৰি বিভিন্নজনে।
আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ পৰা অকলশৰীয়া হোৱাৰ পিছতো যেন শিক্ষা লোৱা নাই পাকিস্তানে। বাৰে বাৰে পাকিস্তানে ভাবুকি দি আহিছে ভাৰতক। পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহমুদ কুৰেশ্বীয়ে ভাৰতক আকৌ ভাবুকি দি এইবাৰ ক’লে ভাৰতৰ সৈতে যুদ্ধ কৰিবৰ বাবে সাজু পাকিস্তান।
ইছলামাবাদত এক অনুষ্ঠানত শ্বাহ মহমুদ কুৰেশ্বীয়ে কয় কাশ্মীৰীসকলৰ অধিকাৰ সুৰক্ষিত ৰাখিবলৈ যিকোনো পদক্ষেপ গ্ৰহণ কৰিব পাকিস্তানে।
লগতে শ্বাহ মহমুদ কুৰেশ্বীয়ে কয় যে অহা মাহত ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন কৰিব এই প্ৰসংগটো। উল্লেখযোগ্য যে অনুচ্ছেদ ৩৭০ প্ৰসংগত প্ৰতিটো দিশতে মুখ থেকেচা খাইছে পাকিস্তানে। আৰু আমেৰিকাই ভাৰতকহে দিছে সংগ।
Photo Credit : dawn.com