25.3 C
Guwahati
Wednesday, October 13, 2021
More

    মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰক্তদান, GMCHত উপস্থিত মন্ত্ৰীগৰাকী

    বিজেপিৰ সেৱা সপ্তাহ কাৰ্যসূচী উপলক্ষে ৰক্তদান মন্ত্ৰীগৰাকীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সপ্তাহ উপলক্ষে সমগ্ৰ দেশতে পালন কৰা হৈছে এই সেৱা সপ্তাহ

    GMCHত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ সেৱা সপ্তাহ কাৰ্যসূচী উপলক্ষে ৰক্তদান মন্ত্ৰীগৰাকীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সপ্তাহ উপলক্ষে সমগ্ৰ দেশতে পালন কৰা হৈছে এই সেৱা সপ্তাহ।

    ১৪ৰ পৰা ২০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া সেৱা সপ্তাহত চিকিৎসালয়ৰ ৰোগীৰ বাবে বিনামূলীয়া ফলমূল বিতৰণ, ঔষধ বিতৰণ, ৰক্তদান শিবিৰসহ আন কেইবাটাও উন্নয়নমূলক কাৰ্যসূচী হাতত লৈছে বিজেপিয়ে। ইফালে এই কাৰ্যসূচীৰ অন্তৰ্গত হেংৰাবাৰীৰ কাৰ্বি যুৱ সংঘৰ খেলপথাৰত আন এক অনুষ্ঠানত অংশ ল’ব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে।

    গ্ৰন্থ আৰু ৰক্ত স্বেচ্ছাই দান কৰা উচিত, এটাই জ্ঞান শক্তিশালী কৰে আৰু আনটোৱে জীৱন।’- টুইটাৰযোগে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং