15 C
Guwahati
Tuesday, January 25, 2022
More

    যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এটা বান্দৰ, পিছে কিয় আৰু ক’ত এই শাস্তি

    এটা পিঞ্জৰাত গোটেই জীৱনৰ বাবে আৱদ্ধ কৰি ৰখাৰ বাবে কানপুৰলৈ পঠিয়াই দিয়া হয় বান্দৰ টোক

    সাধাৰণতে যাৱজ্জীৱন কাৰাদণ্ড বুলি কলে অকল মানুহেই মনলৈ আহে। পিছে এইবাৰ মানুহ নহয় এটা বান্দৰক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত।

    অদ্ভুত, আজৱ যেন লাগিলেও সচাঁকৈয়ে এটা বান্দৰক দিয়া হৈছে যাৱজ্জীৱন কাৰাদণ্ড। এনে অদ্ভুত শাস্তি এইখন ভাৰতেতে দিয়া হৈছে।

    উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰৰ এটা বান্দৰক কানপুৰ চিৰিয়াখানাত গোটেই জীৱনলৈ বন্দী কৰি ৰখা হ’ব। পিছে কিয় এটা বান্দৰৰ ক্ষেত্ৰত লোৱা হয় এই পদক্ষেপ।

    মিৰ্জাপুৰ চহৰ খনত অতিকে উপদ্ৰৱ চলাইছিল এই বান্দৰ টোৱে। কেতিয়াবা মদ খাইয়ো বাটৰুৱাক কৰিছিল অত্যাচাৰ।

    ৰাস্তাৰে গৈ থকা কোনো অকলশৰীয়া মানুহ পালেই আচুৰিছিল এই বান্দৰটোৱে। মহিলা আৰু শিশু সকলক বিশেষকৈ আক্ৰমণ চলাইছিল এইটো বান্দৰে।

    যাৰ বাবে মিৰ্জাপুৰৰ বহু মানুহ বেয়াকৈ আঘাটপ্ৰাপ্ত হোৱাৰ লগতে হাস্পতালতো চিকিৎসাধীন হ’ব লগৈ হৈছিল বহু লোক।

    এই কাৰণেই বান্দৰটোৰ পৰা ৰক্ষা পাবলৈ ইয়াক যোৱা ৩ টা বছৰে আৱদ্ধ কৰি ৰখা হৈছিল।

    পিছে ইমানৰ পিছতো তাৰ স্বভাৱত কোনো পৰিৱৰ্তন নোহোৱাত শেষত এই পন্থা গ্ৰহণ কৰে মিৰ্জাপুৰ প্ৰশাসনে।

    এটা পিঞ্জৰাত গোটেই জীৱনৰ বাবে আৱদ্ধ কৰি ৰখাৰ বাবে কানপুৰলৈ পঠিয়াই দিয়া হয় বান্দৰ টোক। বৰ্তমানে বান্দৰটো কানপুৰৰ চিৰিয়াখানাত আছে।

    Photo Credit: Tripavdisor

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং