33 C
Guwahati
Wednesday, September 28, 2022
More

    দুৰ্গা পূজাৰ প্ৰাকক্ষণত কূটাঘাত সংঘটিত কৰিব আহিছিল ধৃত দিগন্ত অসমেঃ দীপক কুমাৰ

    গুৱাহাটীত দুৰ্গা পূজাৰ পূৰ্বে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব আহিছিল দিগন্ত অসমে। ম্যানমাৰৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰ মিঠু চুতীয়া

    দুৰ্গা পূজালৈ মাজত আৰু মাথো কেইটামান দিন। পূজাৰ প্ৰাকমুহূৰ্তত আলফা কেডাৰ মহানগৰীত প্ৰৱেশ কৰাক লৈ মহানগৰ আৰক্ষীৰ ভীতৰচৰাত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ। বুধবাৰে জালুকবাৰী আৰক্ষীয়ে আটক কৰিছিল দুৰ্ধৰ্ষ আলফা কেডাৰ দিগন্ত চেতিয়া ওৰফে মিঠু চুতীয়াক। আৰক্ষীয়ে নিশা কামাখ্যা ষ্টেচনৰ পৰা আটক কৰিছিল কেডাৰজনক।

    Deepka Kumar speaking to media persons on September 26, 2019. Photo: Time8
    Deepka Kumar speaking to media persons on September 26, 2019. Photo: Time8

    গুৱাহাটীত দুৰ্গা পূজাৰ পূৰ্বে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব আহিছিল দিগন্ত অসমে। ম্যানমাৰৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত কেডাৰ মিঠু চুতীয়া। মোবাইল unit1 কেম্পত প্ৰশিক্ষণ লৈছিল কেডাৰজনে। ২০১৮ৰ জানুৱাৰীত আলফাত যোগ দিছিল দিগন্ত চেতিয়া ওৰফে মিঠু চুতীয়াই। জুনলৈ প্ৰশিক্ষণ লৈছিল দিগন্ত অসমে।

    দিগন্ত অসমৰ উপৰিও আৰু বহু কেডাৰ গুৱাহাটীত থকাৰ সম্ভাৱনা। ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰু কোন কোন জড়িত আছে কি আছে সকলো তদন্ত কৰি আছে আৰক্ষীয়ে। এই কথা জনালে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং