চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা আৰু ইয়াৰ পূৰ্বে সষ্টম হৈ পৰিছে আৰক্ষী তথা প্ৰশাসনৰ লোক। গুৱাহাটীৰ আৰক্ষী চেন্ট্ৰেল ডিষ্ট্ৰিক্টত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
১৪৪ ধাৰাৰ অধীনত জাৰি কৰা হৈছে নিষেধাজ্ঞা। ৫জনৰো অধিক লোক এগোট হৈ থকা তথা দল-সংগঠনে প্ৰতিবাদ কৰাত নিষিদ্ধ ঘোষণাৰে জাৰি কৰিছে নিৰ্দেশনা। শান্তি-সম্প্ৰীতি বজাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত লৈছে প্ৰশাসনে।
অস্ত্ৰ-শস্ত্ৰ, চোকা অস্ত্ৰ লগত লৈ ঘূৰিব নোৱাৰিব ৰাজপথত। NRCৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰতীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিও এই পদক্ষেপ লৈছে প্ৰশাসনে।