12.5 C
Guwahati
Saturday, January 29, 2022
More

    কৰ’ণা ভাইৰাছঃ নলবাৰীত জাৰি ১৪৪ ধাৰা

    নলবাৰীৰ জিলা দণ্ডাধীশ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে সমগ্ৰ নলবাৰী জিলাতে তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে

    নলবাৰীত সভা,শোভাযাত্ৰা,সমদল,সমাৱেশ আদি নিষিদ্ধ।জিলা প্ৰশাসনে জাৰি কৰিলে ১৪৪ ধাৰা।বিশ্বজুৰি প্ৰাদুৰ্ভাৱ হোৱা কৰ’ণা ভাইৰাছ নলবাৰী জিলাতো সংক্ৰমিত হোৱাৰ আশংকা কৰি তথা বিশ্ব স্বাস্থ্য সংস্থা তথা স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি মাৰাত্মক ভাইৰাছবিধ সংক্ৰমিত হোৱাৰ পৰা লোকসকলক বচাই ৰাখিবলৈ সতৰ্কতামূলক বিশেষ ব্যৱস্থাৰ অংশস্বৰূপে নলবাৰীৰ জিলা দণ্ডাধীশ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে সমগ্ৰ নলবাৰী জিলাতে তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে।

    এই ধাৰাৰ অধীনত নলবাৰী জিলাত অনাৱশ্যকভাৱে সমীপৱৰ্তী বজাৰ,বিত্তীয় প্ৰতিষ্ঠান,বেংক,পাৰ্ক আদিত পাঁচজন বা ততোধিক লোক সমাগম হোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। তদুপৰি জিলাখনত সভা, সমদল, শোভাযাত্ৰা, সমাৱেশ আদি অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব।

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং