20 C
Guwahati
Sunday, November 27, 2022
More

    দিল্লীত কৰ’ণাই প্ৰাণ ল’লে এজনৰ;দেশৰ ৰাজধানীত মৃত্যুৰ সংখ্যা ২লৈ বৃদ্ধি

    ইয়াৰ পূৰ্বে ৬৮ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হৈছিল দিল্লীত

    সমগ্ৰ বিশ্বজুৰি প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰততো কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে প্ৰতিদিনে।

    কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ এইবাৰ মৃত্যুক আঁকোৱালি ল’লে দিল্লীৰ এজন ৬০ বছৰীয়া লোকে। ২৪ মাৰ্চত লোকজনৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছত তেওঁক আছুতীয়াকৈ ৰাখি চিকিৎসা চলাই থকা হৈছিল।

    ইয়াৰ পূৰ্বে ৬৮ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হৈছিল দিল্লীত। ইয়াৰ লগে লগে দিল্লীত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ২লৈ।

    Photo Credit: Quartz

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং