গুৱাহাটীত কাইলৈ খোলা থাকিব সকলো বিদ্যালয়, কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰত্যাহাৰ কৰিলে দুদিনীয়াকৈ বন্ধ ঘোষণাৰে জাৰি কৰা জাননী। গুৱাহাটীত বন্ধ নাথাকে কোনো বিদ্যালয়।
পূৰ্বে উত্কট গৰমৰ বাবে মঙলবাৰ আৰু বুধবাৰে দুদিনীয়াকৈ বন্ধ ঘোষণা কৰিছিল জিলা প্ৰশাসনে, চৰকাৰী বিদ্যালয়সমূহৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহো বন্ধ থাকিব বুলি জাৰি কৰিছিল এক নিৰ্দেশনা।
আৰু আজি বিয়লি ভাগত অহা এজাক বৰষুণৰ পিছতে সিদ্ধান্ত সলনি কৰি উঠাই ল’লে দুদিনীয়া স্কুল বন্ধ। জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে TIME8ক জনালে এই কথা।
Guwahati | Edited by: Akash Chetry