কৰ’ণা ভাইৰাছ মহামাৰীৰ কাৰণে দেশজুৰি চলা লকডাউনৰ মাজত মানৱসম্পদ উন্নয়ন মন্ত্রী ৰমেশ পোখৰিয়ালে দেওবাৰে ক’লে যে ১৪ এপ্ৰিলৰ স্থিতি সমীক্ষা কৰাৰ পিছতহে চৰকাৰে স্কুল-কলেজ খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে ক’লে যে শিক্ষাৰ্থী আৰু অধ্যাপকসকলৰ সুৰক্ষা চৰকাৰৰ বাবে সৰ্বোচ্চ।
তেওঁ ক’লে যে তেওঁৰ মন্ত্ৰালয়ে এইটো নিশ্চিত কৰিবলৈ প্ৰস্তুত হৈ আছে যে যদি স্কুল-কলেজসমূহ ১৪ এপ্ৰিলৰ পিছতো বন্ধ ৰখাৰ প্ৰয়োজন হয় তেন্তে শিক্ষাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰিব।
ভাৰতত ২১ দিনীয়া লকডাউন ১৪ এপ্ৰিলত সমাপ্ত হোৱাৰ পিছত স্কুল-কলেজ খোলা বিষয় সন্দৰ্ভত পোখৰিয়ালে ক’লে- এই সময়ত কোনোধৰণৰ সিদ্ধান্ত লোৱাটো সম্ভৱ নহয়, আমি ১৪ এপ্ৰিলৰ স্থিতিৰ সমীক্ষা কৰিম আৰু পৰিস্থিতি অনুসৰি এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিম।
উল্লেখ্য যে দেশজুৰি ২১ দিনীয়া লকডাউন ১৪ এপ্ৰিলত সমাপ্ত হ’ব। চৰকাৰৰ পৰা এইটো ইংগিত আহিছে যে লকডাউন বৃদ্ধি কৰিব নোৱাৰি।
Photo credit: express.co.uk