অগ্ৰিম জামিন আৱেদন নাকচ পি চিদাম্বৰমৰ। উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ জামিন আৱেদন। মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল INX মিডিয়া কেলেংকাৰীত অভিযুক্ত পি চিদাম্বৰমৰ অগ্ৰিম জামিনৰ আৱেদন। তাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল চিদাম্বৰমৰ অধিবক্তা।
মঙলবাৰে নিশা দুবাৰকৈ অভিযান চলোৱাৰ পিছত আজি পুৱা চিদাম্বৰমৰ বাসগৃহত উপস্থিত হৈছিল CBIৰ দল। কিন্তু আজিও বাসগৃহত নাছিল প্ৰাক্তন মন্ত্ৰীগৰাকী।
CBI আৰু EDৰ দলে মঙলবাৰে সন্ধিয়া চিদাম্বৰমৰ ঘৰত তালাচী চলাইছিল কিন্তু সেই সময়ত ঘৰত উপস্থিত নাছিল চিদাম্বৰম। ইয়াৰ পিছতে CBIৰ বিষয়াই চিদাম্বৰমৰ বাসগৃহৰ বাহিৰত জাননী আঁৰি থৈ দিছিল। জাননীত ২ ঘণ্টাৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল চিদাম্বৰমক। কিন্তু CBIৰ ওচৰত হাজিৰ হোৱা নাছিল প্ৰাক্তন মন্ত্ৰীগৰাকী।