দেশৰ অন্যতম বেংক ভাৰতীয় ষ্টেট বেংকে লৈছে দুটা ডাঙৰ সিদ্ধান্ত। ছেভিংছ একাউণ্টত SBIয়ে দিছে জিৰ’ বেলেন্সৰ সুবিধা। ন্যূনতম বেলেন্স ৰখাৰ সিদ্ধান্ত এতিয়াৰে পৰা সমাপ্ত। এতিয়াৰ পৰা একাউণ্টত এটকা নাথাকিলেও দিব নালাগে কোনো কৰ।
দেশৰ ৪৪.৫১ কোটি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ বাব এই দুই সিদ্ধান্তই আনিছে সুখবৰ। বেংকটোৰ বিত্তীয় ব্যৱস্থা সবল কৰি তোলাৰ বাবেই এই সিদ্ধান্ত SBIৰ।
২০২০ৰ ১১ মাৰ্চত এই সিদ্ধান্ত গ্ৰহণ ভাৰতীয় ষ্টেট বেংকটোৰ। উল্লেখ্য যে পূৰ্বে মেট্ৰ’ চহৰত নূন্যতম ৩০০০ টকা, নগৰ অঞ্চলত ২০০০ টকা আৰু গ্ৰামাঞ্চলত নূন্যতম ১০০০ টকা জমা ৰাখিব লাগিছিল গ্ৰাহকে। লগতে নূন্যতম বেলেন্স নৰখা সকলে ভৰিব লাগিছিল ৫ৰ পৰা ১৫ টকা পৰ্যন্ত।
Photo Credit: livemint