20 C
Guwahati
Saturday, January 29, 2022
More

    মক্কাত তীৰ্থযাত্ৰীৰ প্ৰৱেশ নিষিদ্ধ ছৌদি আৰৱ চৰকাৰৰ

    কৰ'ণা ভাইৰাছৰ প্ৰভাৱ যাতে ছৌদি আৰৱত নপৰে তাৰবাবেই এই কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে ছৌদি আৰৱ চৰকাৰ

    মক্কালৈ যাম বুলি ভাবি থকা তীৰ্থযাত্ৰীসকলৰ বাবে ছৌদি আৰৱ চৰকাৰে ঘোষণা কৰিছে এক দুখবৰ। ছৌদি আৰৱ চৰকাৰে বৰ্হিঃৰাষ্ট্ৰৰ নাগৰিকৰ প্ৰৱেশ সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ কাৰণ কৰ’ণা ভাইৰাছ। চীনত কৰ’ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ পিছত সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি হৈছে।

    এতিয়ালৈকে চীনত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ২ হাজাৰৰো অধিক লোকে। বিশ্বৰ ২৯খন দেশলৈ সংক্ৰমিত হৈছে কৰ’ণা ভাইৰাছ। কৰ’ণা ভাইৰাছৰ প্ৰভাৱ যাতে ছৌদি আৰৱত নপৰে তাৰবাবেই এই কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে ছৌদি আৰৱ চৰকাৰ। উল্লেখ্য যে কৰ’ণা ভাইৰাছৰ উপস্থিতি যিসমূহ দেশত ধৰা পৰিছে সেই দেশসমূহৰ নাগৰিকৰো ভিছা বাতিল কৰাৰ সিদ্ধান্ত লৈছে ছৌদি আৰৱ চৰকাৰে।

    Photo Credit: AP News

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং