21 C
Guwahati
Sunday, October 24, 2021
More

    ‘Saturday Against CAA’ শীৰ্ষক ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কটনিয়ানৰ

    কাৰাবন্দী প্ৰতিবাদকাৰী সকলক মুক্তি, শ্বহীদ আৰু নিৰ্যাতিতৰ পৰিয়ালক সংস্থাপন আৰু ক্ষতিপূৰণ, নীৰিহৰ হত্যাৰ তদন্ত আৰু কা বাতিলৰ দাবী শীক্ষাৰ্থীৰ

    ‘ভৱিষ্যতৰ বাবে শুকুৰবাৰ’ শীৰ্ষক আন্দোলনৰ লেখিয়াকৈ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে হাতত লৈছে ‘কাৰ বিৰুধে শনিবাৰ’ শীৰ্ষক এক আন্দোলন। গ্ৰেটা থুনবাৰ্গে ভৱিষ্যতৰ প্ৰকৃতি ৰক্ষাৰ বাবে সমগ্ৰ বিশ্বতে আৰম্ভ কৰিছিল ‘ফ্ৰাইডে ফৰ ফিউচাৰ’। ঠিক তেনেদৰে এতিয়া কটনিয়ানে কা বিৰোধীতাৰে আৰম্ভ কৰিছে Saturday_Against_CAA শীৰ্ষক ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী।

    ২১ ডিচেম্বৰৰ দিনৰ ২ বজাত কটন বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত কা বিৰোধী প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে বিশ্ববিদ্যালয় খনৰ শিক্ষাৰ্থীয়ে। এই প্ৰতিবাদী কাৰ্যসূচীতেই চৰকাৰ বিৰুদ্ধে আৰম্ভ কৰে এই অভিনৱ আন্দোলন।

    আজিৰ মূল কাৰ্যসূচী- কাৰাবন্দী প্ৰতিবাদকাৰী সকলক মুক্তিৰ দাবী, শ্বহীদ আৰু নিৰ্যাতিতৰ পৰিয়ালক সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবী, নীৰিহৰ হত্যাৰ তদন্ত দাবী, কা বাতিলৰ দাবী আৰু #Saturday_Against_CAA শীৰ্ষক ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং