25 C
Guwahati
Wednesday, October 20, 2021
More

    কেব সন্দৰ্ভত মুখ খুলিলে সৰ্বাদাই; টুইটাৰ যোগে প্ৰকাশ কৰিলে নিজৰ অভিমত

    কেব অকল অসম বাসীৰ বাবে নহয়, ই সমগ্ৰ দেশ বাসীৰ বাবে

    নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠাৰ পিছত অৱশেষত মাত ওলাল সৰ্বানন্দ সোণোৱালৰ। নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে সৰ্বাই কয় যে কেব অকল অসমবাসীৰ বাবে নহয়, ই সমগ্ৰ দেশবাসীৰ বাবে। এই কথাতো অসমৰ মানুহে হৃদয়ংগম কৰা উচিত।

    কিন্তু কিছু লোকে এইবিষয়ে ভুল প্ৰতিচ্ছবি এখন দাঙি ধৰি অসমৰ মানুহক বিভ্ৰাট কৰি তুলিছে। অকল অসমেই অবৈধ প্ৰৱজনৰ বোজা তুলিব লাগিব বুলি মানুহৰ মাজত বিয়পাই দিয়া হৈছে। যাৰ বাবেই অসমৰ ছবি এতিয়া বেয়া হৈ পৰিছে সকলোৰে আগত। যাৰ বাবে এতিয়া দলৰ অন্য কৰ্মী সকলো সতৰ্ক হ’বলগীয়া হৈছে। সেই বাবে সৰ্বানন্দই সকলোকে সতৰ্ক হৈ থাকিব দিয়াৰ লগতে প্ৰচাৰ হোৱা ভুল বাতৰিৰ পৰা সাৱধানে থকাৰো আহ্বান জনায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং