25 C
Guwahati
Thursday, October 21, 2021
More

    ক’লা পতাকাৰ ভয়ত মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্বৰ লখিমপুৰ ভ্ৰমণ বাতিল

    ভ্ৰমণৰ বাবে নিৰ্মাণ কৰা হৈছিল হেলিপেড। সোমবাৰৰ পৰা লখিমপুৰত গঢ়ি তোলা হৈছিল নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা

    ক’লা পতাকাৰ ভয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্বৰ লখিমপুৰ ভ্ৰমণ বাতিল। আজি লখিমপুৰলৈ যোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকা। বিশ্বনাথৰ শান্তি সমদলৰ পিছত হেলিকপ্টাৰেৰে লখিমপুৰ ভ্ৰমণ কৰাৰ কথা আছিল। ভ্ৰমণৰ বাবে নিৰ্মাণ কৰা হৈছিল হেলিপেড। সোমবাৰৰ পৰা লখিমপুৰত গঢ়ি তোলা হৈছিল নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা।

    নিশা লখিমপুৰ আৱৰ্ত ভৱনত কটাই কাইলৈ ধেমাজিত শান্তি সমদললৈ যোৱাৰ কথা আছিল আটাইকেইজন। মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ আগমণৰ বাবে সকলো সাজু কৰিছিল জিলা প্ৰশাসনে। কিন্তু আজি পুৱাৰে পৰা লখিমপুৰত আছু, AJYCPকে ধৰি বিভিন্ন দল-সংগঠনেও মুখ্যমন্ত্ৰীক বাধা দিবলৈ সাজু হৈছিল। ব্যাপক প্ৰতিবাদৰ সন্মুখীন হোৱাৰ আশংকা কৰি অৱশেষত লখিমপুৰ ভ্ৰমণ বাতিল কৰিলে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং