15.8 C
Guwahati
Sunday, November 20, 2022
More

    FCIৰ গুৱাহাটীৰ গুদামত সৰ্বানন্দ সোণোৱাল; গৃহহীনক ৫ কেজি চাউল দিয়াৰ ব্যৱস্থা

    আঢ়ৈ মাহলৈ খাদ্য বস্তু আছে মজুত আছে গুদামত

    আজি FCIৰ গুৱাহাটীৰ গুদামত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে বুজ ল’লে সকলো মজুদ খাদ্যসম্ভাৰৰ। তেঁও কয়, এই সময়ত খাদ্যবস্তুৰ বাবে যাতে অসুবিধা নহয় তাৰ বাবে মই বুজ লৈছোঁ।

    আঢ়ৈ মাহলৈ খাদ্য বস্তু আছে মজুত আছে আমাৰ হাতত বুলিও মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী সোণোৱালে। লগতে আন এক বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সৰ্বানন্দ সোণোৱালে। গৃহহীন লোকক ৫ কেজিকৈ চাউল দিয়াৰ ব্যৱস্থা চৰকাৰৰ।

    অৱশ্যে ৰেচন কাৰ্ড নথকা সকলক হে দিয়া হ’ব এই সুবিধা। আজি গুৱাহাটীৰ নুনমাটিস্থিত এফ চি আই গুদামৰ লগতে চাংসাৰী গুদামো পৰিদৰ্শন কৰাৰ কথা উল্লেখ কৰে সৰ্বানন্দই। মুখ্যমন্ত্ৰী সোনোৱালৰ সৈতে সিদ্ধাৰ্থ ভট্টাচাৰ্য্যইয়ো নিৰীক্ষণ কৰিলে FCI ৰ সকলো কাম কাজ।

    Photo Credit: @mrigankamohandutta

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং