কৰ’ণা ভাইৰাছৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ নিজৰ জীৱনকো তুচ্ছ জ্ঞান নকৰি মানৱ সেৱাৰ কামত দৃঢ়তাৰে আত্মনিয়োগ কৰা ৰাজ্যৰ সাংবাদিকসকললৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এটা বিশেষ ঘোষণা। ৫০ লাখ টকাৰ স্বাস্থ্য বীমাৰ সুবিধা প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সোণোৱালে।
কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ মাজতে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বহুকেইজন সাংবাদিক আক্ৰান্ত হয় এই ভাইৰাছত। টুইটাৰযোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
Photo credit: Google.com