25 C
Guwahati
Thursday, October 6, 2022
More

    বীৰ শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ পৰিয়াললৈ ২০ লাখ টকা, ঘোষণা মুখ্যমন্ত্ৰীৰ

    দেওবাৰে পুৱতি নিশা পাক অধীকৃত কাশ্মীৰত পাক সেনাৰ আক্ৰমণত শ্বহীদ হৈছিল হাবিলদাৰ পদম বাহাদুৰ শ্ৰেষ্ঠ

    কাশ্মীৰ সীমান্তত শ্বহীদ হোৱা বীৰ জোৱান পদম বাহাদুৰ শ্ৰেষ্ঠৰ পৰিয়াললৈ ২০ লাখ টকাৰ ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। শ্বহীদগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সোণোৱালৰ গভীৰ শোকপ্ৰকাশ। বীৰ শ্বহীদ গৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন মুখ্যমন্ত্ৰীগৰাকীৰ।

    শ্বহীদ জোৱান দুজন

    উল্লেখ্য যে, দেওবাৰে পুৱতি নিশা পাক অধীকৃত কাশ্মীৰত পাক সেনাৰ আক্ৰমণত শ্বহীদ হৈছিল হাবিলদাৰ পদম বাহাদুৰ শ্ৰেষ্ঠ। অসমৰ জোৱান জনৰ লগতে শ্বহীদ হৈছিল গমিল কুমাৰ শ্ৰেষ্ঠ নামৰ অন্য এজন ভাৰতীয় জোৱান।

    বৰপথাৰৰ হাতীখুলি পদম বাহাদুৰ গোৰ্খা ৰেজিমেণ্টৰ জোৱান আছিল। ভাৰতীয় জোৱান দুজনৰ হত্যা কৰাৰ পাছতে পাক অধীকৃত কাশ্মীৰত ভাৰতীয় সেনাই আক্ৰমণ কৰি হত্যা কৰে ৩৫টা সন্ত্ৰাসবাদীসহ ৬জন পাক সেনাক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং