14.4 C
Guwahati
Saturday, January 29, 2022
More

    মন্ত্ৰিত্ব লাভৰ পিছতেই গৃহ চহৰত উপস্থিত হৈ ক’লা পতাকাৰ সন্মুখীন সঞ্জয় কিষাণ

    নতুন মন্ত্ৰীগৰাকী গৃহচহৰত উপস্থিত হোৱাৰ পিছতে ঢোলে দগৰে আদৰণি জনালে সমষ্টিবাসীয়ে

    মন্ত্ৰিত্ব লাভ কৰা পিছতেই গৃহ চহৰত উপস্থিত হয় সঞ্জয় কিষাণ। আগে আগে মন্ত্ৰীৰ কনভয় পিছে পিছে ক’লা পতাকা। আছুৰ আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় দল-সংগঠনৰ বিষয়ববীয়াই হাতে হাতে ক’লা পতাকা আৰু ক’লা বেলুন লৈ প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে বাধা প্ৰদান কৰে প্ৰতিবাদকাৰীসকলক।

    নতুন মন্ত্ৰীগৰাকী গৃহচহৰত উপস্থিত হোৱাৰ পিছতে ঢোলে দগৰে আদৰণি জনালে সমষ্টিবাসীয়ে। ইফালে নতুন মন্ত্ৰীগৰাকী তিনিচুকীয়াত উপস্থিত হোৱাৰ সময়ত একমাত্ৰ ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বাদে দেখা পোৱা নগ’ল জিলাখনৰ অন্যান্য বিধায়কসকলক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং