CAAৰ বিৰুদ্ধে দিল্লীৰ শ্বাহিনবাগত অব্যাহত থকা প্ৰতিবাদক লৈ বিজেপিয়ে পোনপটীয়াকৈ আক্ৰমণ কৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। বৃহস্পতিবাৰে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই ক’লে যে শ্বাহিনবাগৰ জৰিয়তে যি অৰাজকতা বিয়পোৱাৰ চেষ্টা চলোৱা হৈছে আৰু ইয়াৰ আঁৰত আছে দুই যমজ ভাতৃ অৰবিন্দ কেজৰিৱাল আৰু ৰাহুল গান্ধী। এই দুই যমজ ভাতৃয়ে মিলিজুলি চৰকাৰ গঠন কৰিছিল। দুয়োজন কুম্ভমেলাত পৃথক হোৱা যমজ ভাতৃ।
বুধবাৰেও সম্বিত পাত্ৰই তীব্ৰ সমালোচনা কৰিছিল কংগ্ৰেছক। তেওঁ ক’লে যে কংগ্ৰেছে ভোটবেংকৰ ৰাজনীতি কৰি আছে আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ ভ্ৰম উত্পত্তি কৰি আছে। পাত্ৰই ক’লে, ‘আমি কংগ্ৰেছক সুধিব বিচাৰিছো যে CAAক আঁৰত লৈ হিন্দুসকলক কিয় গালি দি থকা হৈছে।’
বিগত কেইবাদিনো ধৰি CAAৰ বিৰুদ্ধে শ্বাহিনবাগত অব্যাহত আছে বিৰোধিতা প্ৰদৰ্শন। এই আইন ঘূৰাই লোৱাৰ দাবী জনাই আছে প্ৰতিবাদকাৰীসকলে। আনহাতে চৰকাৰে স্পষ্টভাৱে প্ৰকাশ কৰিছে যে এই আইনখন কোনোপধ্যে ঘূৰাই লোৱা নহয়।
Photo credit: deccanherald.com