বুধবাৰে ছলমান খানে ‘দবং ৩’ৰ মুক্তিৰ দিন ছচিয়েল মিডিয়াত ঘোষণা কৰিলে। তেওঁ ক’লে যে এই ছবিখন ২০ ডিচেম্বৰত মুক্তি পাব। ইয়াৰোপৰি চলমানে এই কথাটো জনালে যে ছবিখন হিন্দীৰ লগতে কন্নৰ, তামিল আৰু তেলেগুত মুক্তি দিয়া হ’ব। বৰ্তমান ছবিখনৰ শ্বুটিং চলি আছে জয়পুৰত।
ছলমানেও ছবিখনৰ সৈতে সংলগ্ন কিছু ফটো আৰু বিহাইণ্ড দ্যা ছিন ভিডিঅ’ শ্ৱেয়াৰ কৰিছে কিন্তু ইয়াৰ উপৰিও ছবি ছেটৰ কিছু ফটো লীক হৈছে যাৰ বাবে অভিনেতাগৰাকী খঙত টিঙিৰি তোলা হৈ পৰিছে।
ছলমানে ছেটত বৃদ্ধি কৰিব উচ্চতাঃ কিছুদিন পূৰ্বে ছলমান খান আৰু সোনাক্ষী সিহ্নাই ছবিখনৰ এটা গীতৰ নৃত্যৰ শ্বুটিং কৰা মুহূৰ্তৰ ছবি লীক হোৱাত ছলমান খানৰ খং উঠিছিল।
তেওঁ প্ৰডাকচন, ক্ৰিয়েটিভ আৰু মাৰ্কেটিং টীমৰ সৈতে আলোচনা কৰি এয়া কঠোৰ নিৰ্দেশ প্ৰদান কৰে যে আগন্তুক দিনত ছেটৰ পৰা কোনোধৰণৰ ফটো লীক হ’ব নোৱাৰিব। এই কাৰণতে ছেটত কোনো এজন লোকে ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। লগতে পূৰ্বতকৈ নিৰাপত্তা বৃদ্ধি কৰাৰ নিৰ্দেশ প্ৰদান কৰে।