বলীউড ছুপাৰষ্টাৰ চলমানে খানে বাতিল কৰিলে আমেৰিকাৰ হিউষ্টনত অনুষ্ঠিত হ’বলগীয়া লাইভ পাৰফমেঞ্চ। অনুষ্ঠানটো ৰেহান ছিদ্দিকী নামৰ এজন লোকে আয়োজন কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ৰেহান পাকিস্তানী নাগৰিক আৰু আমেৰিকাত ভাৰত বিৰোধী গতিবিধিৰ ফাণ্ডিঙৰ অভিযুক্ত।
বেৱছাইট অপইণ্ডিয়া ডট কমৰ অনুসৰি হিউষ্টনস্থিত ৰেহান ছিদ্দিকীয়ে পূৰ্বে আমেৰিকাৰ ষ্টাৰ্ছৰ অনুষ্ঠানৰ ধন সংগ্ৰহ কৰি ভাৰত বিৰোধী গতিবিধিৰ সমৰ্থনত সংলগ্ন আছিল। বলীউডৰ তাৰকাৰ সৈতে সংগীত সমাৰোহৰ আয়োজন কৰে আৰু বৰ্তমানলৈ ছিদ্দিকীয়ে ৪০০তকৈও অধিক শ্ব’ৰ আঁত ধৰোতা আছিল। ছেঈফ আলী খান, মীকা সিং, পংকজ উদাছ আৰু ৰেপৰ বাদশ্বাহো ছিদ্দিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।
অপইণ্ডিয়া ডট কমৰ খবৰ অনুসৰি বৰ্তমান ছিদ্দিকীয়ে হিউষ্টনত CAA বিৰোধী প্ৰদৰ্শন আয়োজন কৰিবলৈ পৰিকল্পনা কৰি আছে। সূত্ৰ অনুসৰি বিগত বৰ্ষত গায়ক তথা অভিনেতা দিলজীত দোছাঞ্জেও ৰেহানে আয়োজন কৰা এক কনচাৰ্ট বাতিল কৰিছিল। ইয়াৰ কাৰণ আছিল ভাৰতীয় সমুদায় আৰু Federation of Western India Cine Employees (FWICE)য়ে বিদেশ মন্ত্ৰালয়সহ ভাৰতীয় বিষয়াসকলৰ ৰেহানৰ বিৰুদ্ধে অভিযোগ আছিল। ৰেহান ISIৰ এজেণ্ট হোৱাৰ কথা কোৱা হৈছিল এই অভিযোগত।
বিগত বৰ্ষত FWICE-এ বলীউডৰ তাৰকাসকলক বিশ্বজুৰি যিকোনো পাকিস্তানী নাগৰিক আৰু পাকিস্তানী পাৰফমেঞ্চৰে জড়িত কনচাৰ্টত ভাগ লোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰিছিল।
Photo crdit: kalingatv.com